Selecione um Idioma

mic

Compartilhar

Compartilhar link

QR code for https://globalrecordings.net/script/7992

unfoldingWord 45 - স্তিফান আৰু ফিলিপ

unfoldingWord 45 - স্তিফান আৰু ফিলিপ

Esboço: Acts 6-8

Número do roteiro: 1245

Idioma: Assamese

Público alvo: General

Propósito: Evangelism; Teaching

Características: Bible Stories; Paraphrase Scripture

Estado: Approved

Os roteiros são guias básicos para a tradução e gravação em outros idiomas. Devem ser adaptados de acordo com a cultura e a língua de cada região, para fazê-lo relevante. Certos termos e conceitos podem precisar de uma explicação adicional ou mesmo serem omitidos no contexto de certos grupos culturais.

Texto do roteiro

প্ৰথম শতিকাৰ খ্ৰীষ্টিয় নেতা সকলৰ মাজৰ এজন হৈছে স্তিফান ৷ সকলোৱে তেওঁক সন্মান কৰিছিল ৷ পবিত্ৰ আত্মাই তেওঁক শক্তি আৰু প্ৰজ্ঞা প্ৰদান কৰিছিল ৷ স্তিফানে বহু বিলাক আচৰিত কাৰ্য্য কৰিছিল ৷ যেতিয়া তেওঁ যীচুৰ সম্বন্ধীয় শিক্ষা প্ৰদান কৰিছিল তেতিয়া বহু লোকে তেওঁৰ কথাত বিশ্বাস কৰিছিল ৷

এদিনাখন, স্তিপানে যীচুৰ বিষয়ে শিক্ষা দি আছিল, আৰু যীচুক বিশ্বাস নকৰা কেইজন মান যিহূদী লোক সেই স্থানলৈ আহি তেওঁৰ সৈতে তৰ্ক কৰিব ধৰিলে ৷ তেওঁলোকৰ এনে খং উঠিছিল যে, তেওঁলোকে তাৰ পৰা গৈ ধৰ্ম্মীয় নেতা সকলক স্তিফানৰ বিৰুদ্ধে মিছা অভিযোগ দিলে ৷ তেওঁবিলাকে কলে, “আমি স্তিফানক মোচি আৰু ঈশ্বৰ বিৰুদ্ধী কথা কোৱা শুনিবলৈ পাইছো!” যাৰ বাবে সেই ধৰ্ম্মীয় পৰিচালক সকলে স্তিফান ধৰি মহা পুৰোহিত আৰু আন আন যিহূদী নেতা সকলৰ ওচৰলৈ আনে ৷ তাতে আৰু মিছা সাক্ষী দিয়া লোক আহি স্তিফানৰ বিৰুদ্ধে মিছা মাতে ৷

মহা পুৰোহিতে স্তিফানক সুধিলে, “এই মানুহবিলাকে তোমাৰ বিৰুদ্ধে যি কৈছে সেয়া সত্য হয় নে ?” স্তিফানে, মহা পুৰোহিতক উত্তৰ দিবৰ অৰ্থে অনেক বিষয় সমূহ উত্থাপন কৰিলে ৷ অব্ৰাহমৰ দিনৰ পৰা যীচুৰ দিনলৈকে ঈশ্বৰে ইস্ৰায়েলৰ বাবে অনেক উত্তম কৰ্ম সমূহ কৰিলে ৷ কিন্তু মানুহবিলাকে সদায়ে ঈশ্বৰৰ অবাধ্য হল ৷ স্তিফানে কলে, “তোমালোক সদায়ে ঈশ্বৰ বিৰুদ্ধী আৰু অবাধ্য হৈ আহিছা ৷ তোমালোকে সদায়ে পবিত্ৰ আত্মাক অস্বীকাৰ কৰিছা, যেনে দৰে আমাৰ পূৰ্ব্বপুৰুষ সকলে ঈশ্বৰক অস্বীকাৰ কৰিছিল আৰু ভাৱবাদী সকলক বধ কৰিছিল ৷ কিন্তু তোমালোকে তেওঁবিলাকতকৈও বেয়া কৰ্ম কৰিলা! তোমালোকে মচীহক বধ কৰিলা !”

ধৰ্ম্মীয় নেতা সকলে যেতিয়া সেই কথা শুনিলে, তেওঁবিলাকৰ এনে খং উঠিলে যে তেওঁবিলাকে নিজ নিজ কাণ ঢাকিলে আৰু ডাঙৰকৈ আটাহ পাৰিলে ৷ তেওঁবিলাকে স্তিফানক নগৰৰ বাহিৰলৈ লৈ গল আৰু বধ কৰিবৰ উদ্দেশ্যে তেওঁলৈ শিল দলিয়ালে ৷

স্তিফানে মৰো মৰো অৱস্থাত, বৰ মাতেৰে ৰিঙিয়াই কলে, “যীচু, মোৰ আত্মা গ্ৰহণ কৰা ৷” তাৰ পিছত তেওঁ আঠু লৈ পুনৰায় বৰ মাতেৰে ৰিঙিয়াই কলে, “প্ৰভু, এই পাপ তেওঁবিলাকৰ নামত নিলিখিব ৷” ইয়াৰ পিছত তেওঁৰ মৃত্যু হয় ৷

সেই দিনা, যিৰূচালেমৰ বহু বিলাক লোকে যীচুৰ শিষ্য সকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে, তাতে অনেক বিশ্বাসী তাৰ পৰা আন ঠাইলৈ পলাই যায় ৷ কিন্তু এই সকলোবিলাকৰ মাজতো, তেওঁলোকে যীচুৰ বিষয়ে সকলো ঠাইতে ঘোষণা কৰিবলৈ নেৰিলে ৷

তাত ফিলিপ নামৰ এজন বিশ্বাসী আছিল ৷ আন আন বিশ্বাসী সকলৰ দৰে তেওঁ যিৰূচালেমৰ পৰা পলাই গল ৷ তেওঁ চমৰীয়া ঠাইলৈ গল ৷ তাত তেওঁ লোকসকলৰ আগত যীচুৰ কথা ঘোষণা কৰিলে ৷ তাতে বহু লোকে তেওঁৰ কথাত বিশ্বাস কৰিলে আৰু পৰিত্ৰাণ লাভ কৰিলে ৷ এদিনাখন, ঈশ্বৰৰ এজন দূত ফিলিপৰ কাষলৈ আহি এটি নিৰ্দিষ্ট পথেৰে যাবৰ বাবে কলে ৷ ফিলিপে সেই দৰে কৰিলে ৷ তেওঁ যেতিয়া সেই বাটেদি খোজ কাঢি গৈ আছিল, তেতিয়া তেওঁ ৰথত উঠি অহা এজন মানুহক দেখিলে ৷ সেই ব্যক্তি জন কুচ দেশৰ এজন উচ্চ পদৰ বিষয়া আছিল ৷ এনেতে পবিত্ৰ আত্মাই ফিলিপক সেই ৰথৰ লগ ধৰিবলৈ কলে ৷

তাতে ফিলিপে সেই ৰথৰ কাষলৈ গল ৷ তেওঁ সেই কুচ দেশীয় লোক জনক ঈশ্বৰৰ বাক্য পঢ়ি থকা দেখিলে ৷ তেওঁ যিচয়া ভাৱবাদী পুস্তকৰ পৰা পঢ়ি আছিল ৷ সেই মানুহজনে পঢ়িলে, “মেৰৰ নিচিনাকৈ তেওঁক মাৰিবলৈ নিলে, আৰু নিজম দি থকা মেৰ পোৱালিৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে ৷ তেওঁবিলাকে তেওঁলৈ বেয়া ব্যৱহাৰ কৰিলে আৰু তেওঁক সন্মান নকৰিলে ৷ তেওঁবিলাকে তেওঁৰ প্ৰাণ ললে ৷”

ফিলিপে সেই কুচ দেশীয় লোক জনক সুধিলে, “আপুনি যি পঢিছে তাক বুজিব পাৰিছেনে ?” তাতে তেওঁ কলে, “নাই পোৱা, মোক কোনোবাই বুজাই নিদিলে মই বুজিব নোৱাৰিম ৷ অনুগ্ৰহ কৰি মোৰ কাষত বহক ৷ যিচয়াই ইয়াত নিজৰ বিষয়ে লিখিছিল নে আন কাৰোবাৰ বিষয়ে লিখিছিল ?”

তাতে ফিলিপ সেই ৰথত উঠি বহিলে ৷ তাৰ পিছত তেওঁ তেওঁক কলে যে যিচয়াই এইয়া যীচুৰ বিষয়ে লিখিছে ৷ ফিলিপে ঈশ্বৰৰ বাক্যৰ আন আন অংশৰ পৰাও বাখ্যা আগবঢালে ৷ আৰু এই দৰে তেওঁ সেই লোকজনক যীচু খ্ৰীষ্টৰ শুভবৰ্তা জনালে ৷

ফিলিপে আৰু সেই কুচ দেশীয় লোক জন গৈ থকাৰ অৱস্থাত তেওঁলোকে বাটৰ কাষত পানী দেখা পালে ৷ তাতে কুচ দেশীয় লোকজনে কলে, “চোৱা, ইয়াত কিছু পানী আছে ! মই ইয়াত বাপ্তিস্ম গ্ৰহণ কৰিব পাৰিম নে ?” আৰু তেওঁ ৰথ চালক জনক তাত ৰাখিবৰ বাবে কলে ৷

তাতে তেওঁলোক পানীলৈ নামি যায়, আৰু ফিলিপে কুচ দেশীয় লোক জনক বাপ্তাইজিত কৰে ৷ আৰু পানীৰ পৰা যেতিয়া তেওঁলোক ওলাই আহিল, তেতিয়া হঠাৎ পবিত্ৰ আত্মাই ফিলিপক সেই ঠাইৰ পৰা লৈ যায় ৷ তাৰ পিছত ফিলিপে আন আন লোক সকলৰ আগত যীচু কথা কৈ যাব ধৰিলে ৷

আৰু সেই কুচ দেশীয় লোক জন নিজ ঘৰলৈ বুলি যাত্ৰা কৰিলে ৷ তেওঁ যীচুৰ বিষয়ে জানিবলৈ পায় অতিশয় সুখী হৈছিল ৷

Informações pertinentes

Palavras de Vida - A GRN tem mensagens evangelísticas em áudio em milhares de idiomas contendo a mensagem bíblica sobre a salvação e a vida cristã.

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?