Hautatu hizkuntza bat

mic

Partekatu

Partekatu esteka

QR code for https://globalrecordings.net/script/as/1216

unfoldingWord 16 - উৰ্দ্ধাৰ কৰ্ত্তাসকল

unfoldingWord 16 - উৰ্দ্ধাৰ কৰ্ত্তাসকল

Eskema: Judges 1-3; 6-8; 1 Samuel 1-10

Gidoi zenbakia: 1216

Hizkuntza: Assamese

Publikoa: General

Helburua: Evangelism; Teaching

Features: Bible Stories; Paraphrase Scripture

Egoera: Approved

Gidoiak beste hizkuntzetara itzultzeko eta grabatzeko oinarrizko jarraibideak dira. Beharrezkoa den moduan egokitu behar dira kultura eta hizkuntza ezberdin bakoitzerako ulergarriak eta garrantzitsuak izan daitezen. Baliteke erabilitako termino eta kontzeptu batzuk azalpen gehiago behar izatea edo guztiz ordezkatu edo ezabatzea ere.

Gidoiaren Testua

যিহুচূৱাৰ মৃত্যুৰ পিছত, ইস্ৰায়েল জাতিয়ে ঈশ্বৰৰ অবাধ্য হ’ল । তেওঁলোকে ঈশ্বৰৰ আজ্ঞাবোৰ উলংঘন কৰিলে , আৰু কানান দেশত বাস কৰা আন কনানীয় জাতি সমূহক সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা উলিয়াই নিদিলে । ইস্ৰায়েল জাতিয়ে সত্য ঈশ্বৰক আৰাধানা কৰাৰ সলনি কানানীয় লোক সকলৰ দেৱতাবোৰক পূজা কৰিলে, সেই সময়ত ইস্ৰায়েল জাতিৰ কোনো ৰজা নাছিল। তাতে লোক সকলে তেওঁলোকৰ মনে বিচৰা মতে সকলো কৰিলে।

ঈশ্বৰৰ অবাধ্য হোৱাৰ দ্বাৰা, ইস্ৰায়েল জাতিয়ে পূৰ্ব্ব পুৰুষে কৰা ভুলবোৰৰ দৰেই কৰিলে, যিটো তেওঁলোকে পুব্বতেও বহুবাৰ কৰিছিল, ফলত ঈশ্বৰে শাস্তি হিচাবে তেওঁলোকৰ শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধালে। সেই শত্ৰুবোৰে তেওঁলোকৰ সকলোবোৰ চুৰি কৰিলে, তেওঁলোকৰ সকলোবোৰ ধ্বংশ কৰিলে আৰু তেওঁলোকৰ বহুজনৰ প্ৰাণো ল’লে। ইস্ৰায়েল জাতিয়ে বহু বছৰ বন্দীত্ব অৱস্থাত থাকি তেওঁলোকে কৰা অপৰাধ বোৰ উপলদ্ধি কৰি অনুতাপ কৰিলে আৰু ঈশ্বৰক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিলে।

যেতিয়াই ইস্ৰায়েল জাতিয়ে তেওঁলোকৰ অপৰাধবোৰ উপলদ্ধি কৰি অনুতাপ কৰিলে তেতিয়াই ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিলে। তেওঁ এই কাৰ্য্য এক উদ্ধাৰকাৰীৰ দ্বাৰা কৰিলে এনে এজন লোক যিজনে তেওঁলোকৰ শত্ৰুোবৰৰ বিৰুদ্ধে উঠি তেওঁলোকক পৰাস্ত্ৰ কৰিলে। তাতে তেওঁলোকৰ মাজত শান্তি পুণৰ বিৰাজ কৰিলে আৰু সেই উদ্ধাৰকাৰীয়ে তেওঁলোকক শাসন কৰিলে। সেই দৰে ঈশ্বৰে কেইবাজনো উদ্ধাৰকত্তাক ইস্ৰায়েল জাতিৰ বাবে পঠালে। ঈশ্বৰে পুণৰ বাৰ মিদিয়নীয়া নামৰ তেওঁলোকৰ ওচৰৰ জাতি এটাৰ যোগেৰে ইস্ৰায়েল জাতিক পৰাস্ত্ৰ কৰিলে ।

মিদিয়নীয়া সকলে সাত বছৰলৈ ইস্ৰায়েল জাতিৰ সকলো শষ্য বোৰক লৈ গ’ল । ইস্ৰায়েল জাতিয়ে মিদিয়নীয়া সকলক ইমানেই ভয় কৰিলে যে, ইস্ৰায়েল জাতিৰ লোক সকলে ৰক্ষা পাহৰ বাবে নিজকে গুহা বোৰত লুকোৱাই ৰাখিলে। অৱশেষত তেওঁলোকে ঈশ্ৰৰ ওচৰত তেওঁলোকক ৰক্ষা কৰিবলৈ চকুলোৰে মিনতি কৰিলে৷

তাতে গিদিয়ন নামৰ ইস্ৰায়েলৰ এজন ব্যক্তি আছিল । এদিনাখন, তেওঁ মিদিয়নীয়া সকলে তেওঁৰ শষ্যবোৰ চুৰি কৰি নিয়াৰ ভয়ত শষ্যবোৰ লুকুৱাই ৰাখি আছিল । তেতিয়াই ঈশ্বৰে গিদিয়ন ক’লে, ‘‘ হে মহাযোদ্ধা, ঈশ্বৰ তোমাৰ লগত আছে। যোৱা আৰু ইস্ৰায়েলৰ লোক সকলক মিদিয়নীয়া সকলৰ ফান্দৰ পৰা ৰক্ষা কৰা।’’

গিদিয়নৰ পিতৃৰ এক যজ্ঞ বেদি আছিল যিটো তেওঁ এটা প্ৰতিমৰ নামত সমৰ্পন কৰি ৰাখিছিল। ঈশ্বৰে গিদিয়নক প্ৰথমতে সেই যজ্ঞ বেদিতো ভাঙিবলৈ আজ্ঞা দিলে। কিন্তু গিদিয়োনে লোক বোৰলৈ ভয় কৰিলে, আৰু ৰাতি হোৱাৰ বাবে অপেক্ষা কৰি থাকিল। ৰাতি হোৱাত তেওঁ সেই যজ্ঞ বেদিতো ভাঙি ছুৰমাৰ কৰিলে। সেই ঠাইৰ ওচৰেত তেওঁ আন এটা যজ্ঞ বেদি স্থাপন কৰিলে আৰু তাত তেওঁ ঈশ্বৰলৈ নবেদ্যবোৰ উৎসৰ্গ কৰিলে।

পিছদিনা যেতিয়া লোক সমূহে দেখা পালে সেই যজ্ঞ বেদিতো ভাঙি ধ্বংশ কৰা হ’ল, তাকে দেখি লোক সকল অতিক ক্ৰুধিত হ’ল। তেওঁ গিদিয়নৰ ঘৰলৈ গৈ তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিলে। কিন্তু গিদিয়নৰ পিতৃয়ে ক’লে, তোমালোকে তোমালোকৰ দেৱতাবোৰক সহায় কৰিবলৈ কিয় চেষ্টা কৰিছা? যদি সি প্ৰকৃততে ঈশ্বৰ হয় তেনেহলে তেওঁ নিজকে ৰক্ষা কৰক!’’ তেওঁ সেই দৰে কোৱাৰ পিছত লোক সমূহে গিদিয়নক হত্যা নকৰিলে।

পাছে মিদিয়নীয়া সকলে ইস্ৰায়েল লোক সকলৰ সামগ্ৰীবোৰ চুৰি কৰিবলৈ পুণৰ বাৰ তেওঁলোকৰ ওচৰলৈ আহিল । তেওঁলোকৰ ইমানেই অধিক লোক আহিছিল যে তেওঁলোকৰ সংখ্যা গণিব পাৰা নাছিল। সেই সময়ত গিদিয়নে ইস্ৰায়েলৰ লোক সমূহক একত্ৰিত কৰি তেওঁলোকৰ বিৰুদ্ধে যুজিবলৈ আহ্বান কৰিছিল । তাতে ঈশ্বৰে গিদিয়নক ইস্ৰায়েলৰ লোক সকলক ৰক্ষা কৰিব বুলি কোৱা কথাষাৰক প্ৰকৃততে জানিবৰ নিমিত্তে দুটা চিন বিচাৰিলে ।

প্ৰথম চিনটোত গিদিয়োনে এটা মেৰৰ ছাল এখন লৈ মাটিত থলে আৰু ঈশ্বৰক সেই মেৰ ছালখনৰ ওপৰত ৰাতিপুৱাৰ নিয়ৰ পেলাব ক’লে, সেই নিয়ৰ কেৱল মেৰৰ ছাল খনতে পৰিব কিন্তু মাটিত নপৰিব সেই কথাও নিশ্চয় কৰি ক’লে। ঈশ্বৰে তাকে কৰিলে। তাৰ পিছৰ নিশা, তেওঁ ক’লে যে এইবাৰ নিয়ৰে কেৱল মাটিকহে ভিজাব পাৰিব কিন্তু মেৰৰ ছাল খনক ভিজাব নোৱাৰিব তাক তেওঁ নিশ্চয় কৰিলে। ঈশ্বৰে সেইটোও কৰিলে। এই দুটা চিন দেখা পাই গিদিয়নে নিশ্চিত হ’ল যে প্ৰকৃততে ঈশ্বৰে তেওঁক মিদিয়নীয়া সকলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ ইচ্ছা কৰিছে ।

তাতে গিদিয়নে সন্য সকলক তেওঁৰ ওচৰলৈ মাতিলে, আৰু ৩২,০০০ হাজাৰ মানুহ তেওঁৰ ওচৰলৈ আহিল । কিন্তু ঈশ্বৰে তেওঁক ক’লে এইয়া অধিক হৈছে। তাতে গিদিয়নে যুদ্ধ ক্ষেত্ৰলৈ যাবলৈ ভয় কৰা লোক সকলক অথাৎ ২২,০০০ লোকক নিজ ঘৰলৈ পঠিয়াই দিলে । তাতে ঈশ্বৰে পুণৰ বাৰ গিদিয়নক ক’লে এতিয়াই যথেষ্ট লোক আছে । সেই সময়ত তেওঁ সকলোকে নিজ ঘৰলৈ পঠিয়াই তেওঁৰে সৈতে কেৱল ৩০০ সৈন্যক ৰাখিলে ।

সেই নিশা ঈশ্বৰে গিদিয়নক ক’লে, ‘‘ মিদিয়নীয়া বোৰৰ তম্বুৰ ওচৰলৈ যোৱা আৰু তেওঁলোকে কি কথা পাতিছে তাক গোপনে কান পাতাগৈ । ’’ তেওঁলোকে যিবোৰ কথা পাতিব সেই কথা যেতিয়া তুমি শুনিবলৈ পাবা তেতিয়াই তোমাৰ তেওঁলোকক আক্ৰমন কৰিবলৈ ভয় নাইকিয়া হ’ব ।

গিদিয়নে পুণৰ তেওঁৰ সৈন্য সকলৰ কাষলৈ আহিল আৰু প্ৰত্যেককে একো একোটাকৈ শিঙা, এটা মাটিৰ পাত্ৰ আৰু এটা চাকি দিলে। তেওঁলোকে মিদিয়নীয়া সৈন্য সকল শয়ন কৰি থকা তম্বুৰ চাৰিওফালে আগুৰি ধৰিলে। গিদিয়োনৰ ৩০০ সৈন্যই তেওঁলোকৰ মাটিৰ পাত্ৰ বিলাকৰ ভিতৰত নিজৰ নিজৰ চাকি সুমুৱাই ৰাখিলে যাতে মিদিয়নীয়া সকেল সেই পোহৰ দেখি নাপাই।

তেতিয়া গিদিয়োনৰ সৈন্য সকলে একে সময়তে তেওঁলোকৰ পাত্ৰবোৰ ভাঙিলে, হঠাৎ সেই ঠাই জুইৰে পোহৰিত হ’ল। তেওঁলোকে শিঙাবোৰ বজালে আৰু চিঙৰিবলৈ আৰম্ভ কৰি ক’লে, ‘‘ এখন তৰোৱাল যিহোৱাৰ আৰু গিদিয়নৰ কাৰনে!”

তাতে মিদিয়নীয়া সকলে লৰাঃধপৰা কৰি নিজৰ মাজতে আক্ৰমণ কৰি ইজেন সিজনৰ প্ৰাণ ললে। ততে গিদিয়োনে ইস্ৰায়েলৰ অৱশিষ্ট লোক সকলৰ নিজ নিজ ঘৰৰ পৰা মাতি অনালে আৰু মিদিয়নীয়া সকলক খেদি পঠালে। তেওঁলোকে বহু মিদিয়নীয়াক হত্যা কৰিলে আৰু ইস্ৰায়েল জাতিৰ দেশৰ পৰা বহু দূৰলৈ খেদি পঠালে। সেই দিনা ইস্ৰায়েল জাতিয়ে ১২০,০০০ মিদিয়নীয়া লোকক হত্যা কৰিলে। এনেদৰেই ঈশ্বৰে ইস্ৰায়েল জাতিক ৰক্ষা কৰিলে।

ইস্ৰায়েলৰ লোক সকলে গিদিয়োনক তেওঁলোকৰ ৰজা পাতিবলৈ মনস্ত কৰিলে। কিন্তু গিদিয়োনে তেওঁলোকক এই কাৰ্য্য কৰা পৰা বঞ্চিত কৰিলে। কিন্ত তেওঁ ইস্ৰায়েলৰ লোক সকলৰ পৰা কিছুমান সোনৰ আঙুঠি ৰাখি থলে যিবোৰক তেওঁলোকে মিদিয়নীয়া সকলৰ পৰা লৈছিল। সেই সময়ত লোকসকলে গিদিয়োনক এক সকত পৰিমানৰ সোন দান কৰিলে।

গিদিয়োনে সেই সোনৰ পৰা পুৰুহিত সকলে পৰিধান কৰা এখন সোনৰ বস্ত্ৰ তৈয়াৰ কৰি তাক পৰিধান কৰিলে। তাকে দেখি ইস্ৰায়েলৰ লোক সকলে তেওঁক দেৱতাৰ দৰে পুজা কৰিলে। তাতে ঈশ্বৰে ইস্ৰায়েল জাতিয়ে কৰা অপৰাধাৰ বাবে তেওঁলোকক পুণৰ শাস্তি দিলে। ঈশ্বৰে তেওঁলোকৰ শত্ৰুবোৰৰ দ্বাৰা তেওঁলোকক পৰাস্ত কৰালে। অৱশেষত তেওঁলোকে পুণৰ ঈশ্বৰৰ পৰা সহায় বিচাৰিলে আৰু ঈশ্বৰে তেওঁলোকলৈ আন এজন উদ্ধাৰ কত্তা পঠিয়ালে।

একে ধৰণৰ ঘটনা সঘনে ঘটিল: ইস্ৰায়েলৰ লোক সকলে পাপ কৰিলে, ঈশ্বৰে তেওঁলোকক শাস্তি দিলে, তাতে তেওঁ বিলাকে অনুতাপ কৰিলে আৰু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো এজনক পঠিয়ালে। বহু বছৰলৈকে এনেদৰেই ঈশ্বৰে ইস্ৰায়েল জাতিক শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিবলৈ কেইবাজনো উদ্ধাৰকতা পঠিয়ালে।

অৱশেষত, ইস্ৰায়েল জাতিয়ে আন জাতিবিলাকৰ থকা ধৰণে তেওঁলোকৰ বাবেও এজন ৰজা বিচাৰিলে। তেওঁলোকে এনেকুৱা এজন ৰজা বিছাৰিলে যি জন ওখ আৰু শক্তিসালী হয়, যি জনে তেওঁলোকক যুদ্ধক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিব পাৰে। ঈশ্বৰে তেওঁলোকৰ এই অনুৰোধত সন্তুস্ত নহল, কিন্তু ঈশ্বৰে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকক এজন ৰজা দিলে।

Lotutako informazioa

Bizitzako Hitzak - Salbazioari eta kristau bizitzari buruzko Biblian oinarritutako mezuak dituzten milaka hizkuntzatako ebanjelio mezu audioak.

Choosing the audio or video format to download - What audio and video file formats are available from GRN, and which one is best to use?

Copyright and Licensing - GRN shares its audio, video and written scripts under Creative Commons